Teya Salat
মুখ্য পৃষ্ঠা
13/09/25United States18:31

"দুখ"

অসীমৰ সীমনাত বেলিয়ে পাহাৰ বগাই
লুইতত খাই যায় ভাগৰৰ এটুপি পানী |
আকাশৰ কলাজ......

অষ্টাচলৰ সেন্দুৰীয়া পথৰ দৰে
প্ৰিয়তমাৰ কপালত ,
দীঘলকৈ এডাল সৰল ৰেখা জিলিকে |

লাজৰ ওৰণী খন টানি টানি ,
নীলাকাশৰ বুকুত জোন জ্বলে
মনাকাশত জ্বলে সুখৰ চিতা ,
সোঁৱৰণিৰ
বাটেৰে উলটি নহা প্ৰতিশ্ৰুতি এটি
উজাই আহে বুকুৰ মাজেৰে |

অনুভৱৰ এলক'হলত পৰি চটফটাই দুখে ,
জীৱন এনেকৈয়ে জ্বলি মৰে
প্ৰিয়তমা সুখতে আছে |

© ৰাজু কলিতা

11/01/15